Old school Swatch Watches
মুখ্য পৃষ্ঠা
09/04/2522:53

"মই এটি যাযাবৰ কবিতা"

যদি মোক প্ৰশ্ন কৰা
কিয় মই এটি যাযাবৰ কবিতা ,
উত্তৰৰ অপেক্ষাত পাবা মাথো
এপলক মৌনতা |
মৌনতাত মোৰ বুকুত নিগৰে
আগ্নেয়গিৰীৰ জ্বলন্ত লাভা |

বৃদ্ধাশ্ৰমৰ হাজাৰ হাজাৰ বৃদ্ধৰ
উজাগৰে পল গণা সময়ৰ কবিতা |
হুমুনিয়াহত উজাই আহে দুখৰ অলেখ বন্যা |
পদপথত অথবা অনাথ আশ্ৰমত
এখনি ফটা কম্বলৰ সপোন দেখা
হাজাৰ হাজাৰ দুৰ্ভগীয়াৰ মৌনতা |

কাঞ্চনজংঘাৰ শতিকাযোৰা মৌনতাৰ দৰে
মোৰ মৌনতা অযুত প্ৰতাৰিত প্ৰেমিকৰ বাবে |
কুৰি বছৰতে বিধবা হোৱা যৌৱনা নাৰীৰ বাবে
মই এটি মৌনতাৰ কবিতা |
কোনেওটো নাজানে ,
কিমান আবেগে বিবেকৰ লগত যুঁজে ,
সমাজে নুবুজে উকা কপালত কিহৰ ৰেখা থাকে |
ৰিহাৰ আঁচলত মুখ লুকুৱাই ,
মই হাঁহিব নজনা এটি অসুখী কবিতা |

বুকুত বাৰুদেৰে মৃত্যুৰ ফুল আঁকি
পুত্ৰহীনা কৰা মাতৃৰ বাবে মই বিষাদৰ কবিতা |
দানৱৰ অত্যাচাৰত উচুপি কন্দা
মই এটি শান্তিৰ কবিতা |

মই গঙ্গাৰ দৰেই পবিত্ৰ কবিতা
আকাশীগঙ্গাৰ দৰে পূণ্যৰ নিজৰা ,
বেশ্যালয়ত ছন্দ হেৰুওৱা
মই এটি বেনামী কবিতা |

মই এটি যাযাবৰ কবিতা ,
জোনাকী পথত পাতো কবিতাৰ মেলা ,
প্ৰিয় কবিক দিওঁ উকা কাগজত নতুন ঠিকনা |

© ৰাজু কলিতা